Howly raas mahotsav logo

Howly Raas Mahotsav

 

 

১৯২৮ চনত ৰাস পূৰ্ণিমাৰ পবিত্ৰ ক্ষণত হাউলী হাটখোলাৰ উত্তৰে তেতিয়াৰ তেলি কদমৰ তলতে আৰম্ভণি হৈছিল হাউলী সাৰ্বজনীন ৰাস উৎসৱৰ।

হাউলী সাৰ্বজনীন ৰাস উৎসৱৰ প্ৰথম সভাপতি আছিল ঁ বিশ্বনাথ দাস আৰু সম্পাদক আছিল ক্ৰমে ঁ যোগেশ চন্দ্ৰ দাস ,ঁ গৰ্জন চন্দ্ৰ চৰকাৰ।

১৯২৮ চনত আৰম্ভণি অৱস্থাত ৩ দিনীয়াকৈ পালন কৰা হৈছিল হাউলী সাৰ্বজনীন ৰাস উৎসৱ।

সেইসময়ত হেজাক লাইট আৰু পেট্ৰোমাক্স' লাইটৰ পোহৰেৰে চলিছিল ৰাসৰ কাৰ্যসূচী।

কাৰ্যসূচী আছিল পূজাঁ, ভাগৱত পাঠ, ওজাপালি, ঢুলীয়া, কবিগান, যাত্ৰাগান, নাম-কীৰ্ত্তন আদি।

মহিলাসকলে গৰুগাড়ীত বহি আৰু পুৰুষসকলে মাটিত পাৰি দিয়া ধান খেৰত বহি ৰাসৰ কাৰ্যসূচী উপভোগ কৰিছিল।

অসমত ৰাসক্ৰীড়া প্ৰথমে শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰিছিল। উজনি অসমৰ ৰাস গুৰুজনাৰ আৰ্হিতে উদযাপন কৰা হৈ আহিছে। হাউলীৰ ৰাস কোচবিহাৰৰ মৃন্ময় মূৰ্তিৰে সজ্জিত ৰাসৰ আৰ্হিত পতা হয়।

১৯৫৫ চনত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম আৰম্ভ হোৱাত নতুন ঠাইলৈ স্থানান্তৰিত হয় হাউলী সাৰ্বজনীন ৰাস উৎসৱ।

নতুন ঠাইত অহাৰ পিছত দৰ্শনাৰ্থীৰ সংখ্যা বছৰে বছৰে দ্ৰুত গতিত বাঢ়িবলৈ ধৰে।

১৯৯৭ চনত এটা বৃহৎ আকাৰৰ মন্দিৰ নিৰ্মাণৰ বাবে এখন সমিতি গঠন কৰা হয়।

২০০৭ চনৰ ৩১ জানুৱাৰীত নতুন মন্দিৰটোত 'বিগ্ৰহ'ৰ প্ৰাণ প্ৰতিষ্ঠ‍া কৰা হয়।

প্ৰথম অৱস্থাত ইছলাম ধৰ্মীয় লোকসকলে হাউলী ৰাসত যোগদান কৰা নাছিল। পিছলৈ তেওঁলোকেও এই উৎসৱত যোগদান কৰিবলৈ ধৰে। চুফি ৰিয়াজুদ্দিন চৰকাৰ আৰু

মো: দাৰোগ আলী চৰকাৰেই হাউলী ৰাসত যোগদান কৰা প্ৰথম মুছলমান নেতৃস্থানীয় ব্যক্তি।

হাউলী ৰাস মহোৎসৱ অকল হাউলী অঞ্চলৰে উৎসৱ হৈ থকা নাই । ই সমগ্ৰ অসমৰে এক জাতীয় উৎসৱলৈ পৰিগণিত হৈছে। প্ৰতি বছৰে উদযাপিত হোৱা এই উৎসৱথলীত বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাংস্কৃতিক উপাদানৰ উপৰি অতি সম্প্ৰতি নতুন প্ৰজন্মৰ মাজত গঢ় লৈ উঠা সাংস্কৃতিক উপাদানসমূহ নিৰৱচ্ছিন্নভাৱে প্ৰদৰ্শন কৰাৰ এক সুবিশাল মঞ্চ লাভ কৰি গোটেই অঞ্চলটোৱেই সংস্কৃতিৰ এক মহামিলনৰ থলীলৈ পৰিগণিত হৈছে।